Thursday 13 January 2022

এনেকৈয়ে শেষ হবো নিকি মোৰ জীৱন...


উফ.... কি এই জীৱন
কেতিয়াবা কেতিয়াবা না
কত কি কৰি আছো মই
এনেকুৱা লাগে....

মনত ইমান ইচ্ছা থকাৰ স্বত্তেওঁ
ঘৰলৈ যাবো নোৱাৰো
দুখ বোৰ মনতে লৈ
জীয়াই থাকো....

আচলতে সপোনবোৰে
আমাক বাধ্য কৰাই
নিজকে কষ্ট দি হলেওঁ
দূৰত থাকিবলৈ....
নহলেনো কাৰ মন যাই
নিজৰ ঘৰখন,গাওঁ খনৰ পৰা
দূৰত থাকিবলৈ.…

আগতে ভাৱিছিলো
কিবা এটা কাম কৰিম বাহিৰত
ঘৰখন চলাম ভালদৰে
কেতিয়াও ভৱা নাছিলো যে
ঘৰৰ পৰা দূৰত থকাটোওঁ
কিমান যন্ত্ৰণাদায়োক....
বাৰে বাৰে গাওঁৰ
উদুলি-মুদুলি সময়বোৰে,
পাৰ হৈ অহা স্মৃতি বোৰে ইমান যে
আমনি কৰিবো কেতিয়াও ভৱা নাছিলোঁ...

ধৈৎ চাল্লা কিতিয়াবা কেতিয়াবা
চিন্তা হয়...
এনেকৈয়ে শেষ হবো নিকি মোৰ জীৱন...?

Sunday 28 November 2021

নিয়ম আৰু বিজ্ঞান

#নিয়ম_আৰু_বিজ্ঞান 

মানুহ মৰিলে আমি কিয় 3 দিন লঘোণে থাকো আৰু কিয় 9 দিনলৈ আমি  নিৰামিষ খাওঁ ।। 
আমি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এইবোৰ কৰো নেকি ? 

মানুহ বা যিকোনো জীৱ-জন্তু মৰিলে পঞ্চভূতত বিলীন হয় । উৎপত্তিও পঞ্চভূতৰ পৰা হয় । আকাশ , বায়ু , পানী , পৃথিৱী আৰু অগ্নি । এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হব পাৰে । 

উদাহৰণ স্বৰূপে হিন্দু এজন মৰিলে অগ্নিক মাধ্যম বনায় , মুছলাম মৰিলে পৃথিৱীক মাধ্যম বনায় , তিব্বতৰ বৌদ্ধ সকলে আকাশক মাধ্যম বনায় । যাক sky burial বুলি কোৱা হয় । মৃতকৰ শৰীৰৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে । শগুণে খালে আকাশ মহাভূতক মাধ্যম বনোৱা বুলি কয় । 
বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো । এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতক বিলীন হয় । 

পথৰ কাষত আমি কেতিয়াবা মৰা জীৱ জন্তু দেখা পাওঁ । সেইবোৰ মৰাৰ পিছত শৰীৰটো ফুলি বেলুনৰ দৰে হয়  প্ৰথম কেইদিনমান । তাৰ পিছত লাহে লাহে সৰু হৈ পঞ্চ মহাভূতৰ এটা 'বায়ু ' সম্পূৰ্ণ ওলাই গৈ পচিব ধৰে । প্ৰথমে বেক্টেৰিয়া হৈ পিছত পোক হয় আৰু সেই পোকে বাকীখিনি প্ৰকৃতিৰ লগত মিলাই দিয়ে ।

মানুহৰ শৰীৰত কিছুমান এনে বেক্টেৰিয়া থাকে যিবোৰে মানুহৰ শৰীৰটো মৰাৰ পিছত পচি গৈ পঞ্চভূতত বিলীন হোৱাত সহায় কৰে । মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে  । কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ নিজৰ বংশবৃদ্ধি কৰি লয় । 

মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰটো আহি যায় ।  নাক , মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে । 

সেই বেক্টেৰিয়া সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবেই মৃতকৰ শৰীৰটো  ঘৰৰ বাহিৰলৈ উলিয়াই আনি তুলসীৰ গছৰ তলত থোৱা হয় । তুলসীয়ে সেই বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে । তুলসীৰ তলত ঘিঁউৰ চাকি জ্বলোৱা হয় আৰু সেই ঘিউৰ চাকিয়ে তুলসীৰ তলৰ  antioxidants property    থকা  বতাহ চাৰিওফালে বিয়পাই দি ওচৰৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰে ।  যিদৰে আমি মহ খেদিবলৈ formic acid spray ব্যৱহাৰ কৰো , ঠিক সেইদৰে ঘিউৰে চাকিগছে তুলসীৰ তলৰ বায়ু ওচৰে পাজৰে বিয়পাই দিয়ে ।

ইয়াৰ পিছতে মৃতকৰ শৰীৰ গাঁওৰ মানুহে শ্মশানলৈ নিবলৈ দৌৰা দৌৰি কৰে । কাৰণ যিমান বেছি সময় থাকিব , সিমানেই মৃতকৰ শৰীৰটোৱে বেক্টেৰিয়া বিয়পাই দিয়ে । সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগ হবও পাৰে।  

জীৱিত মানুহৰ শৰীৰত তেজৰ উত্তাপত নিয়ন্ত্ৰণত থাকে যদিও বেছিকৈ হলে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায় ।

পিছত শ্মশানত গৈ জ্বলাই ঘৰ আহি শ্মশানলৈ যোৱা কেইজনে ঘৰ আহি আকৌ নিজৰ শৰীৰ বিৰিণা বন জ্বলাই সেকিব লাগে । যিটো কৰিলে  শৰীৰৰ বাহিৰত আক্ৰমণ কৰা বেক্টেৰিয়া নাশ হয় । বিৰিণা বন জ্বলালে ছালৰ বেছি লোকচান নহয় , ছালত ছিদ্ৰত সোমাই যোৱা বেক্টেৰিয়াক ভিতৰলৈ তাপ দি ধ্বংস কৰে ।

যিখিনি ঘৰৰ মানুহ মৃতকৰ শৰীৰৰ ওচৰত আছিল , লাগিলে দূৰ সম্পৰ্কীয় হওঁক , সেই সকলোৱে কমছে কম 3 দিন উপবাসে থকাটো দৰকাৰ । 3 দিন উপবাসে থাকিলে যি বেক্টেৰিয়া মুখ আৰু নাকেৰে গৈছে , সেইবোৰ বেছি ভিতৰলৈ যাব নোৱাৰে আৰু মুখৰ উত্তাপত 3 দিনত ধ্বংস হয় । 

3 দিনৰ পিছত নিৰামিষ আহাৰৰ লগত ঘিঁউ খোৱাটো অত্যন্ত আৱশ্যক । 
যিহেতু মৃতকৰ শৰীৰত সেই বেক্টেৰিয়া বেছি সক্ৰিয় হয় , সেই সময়ত মৰা জীৱ-জন্তু বা মাছ আদি পেটত পৰিলে বেছিকৈ বংশ বৃদ্ধি কৰি  খোৱাজনক মাৰি পেলাব পাৰে । 

ঘিঁউ জ্বলনশীল হোৱা বাবে পেটৰ জঠৰঅগ্নি তীব্ৰ কৰি  সেই বেক্টেৰিয়া সম্পূৰ্ণ ধ্বংস হোৱাত সহায় কৰে । 

9 দিনত গোটেই শৰীৰ শুদ্ধি হয় আৰু  তাৰ পিছতেই  বাকী শ্ৰাদ্ধ বা দহা আদিৰ কাম কৰিব পাৰে । 

এইয়াই হৈছে ইয়াৰ পিছৰ বিজ্ঞান  । যাক নজনা বিলাকে উপহাশ কৰে । 
আমি হিন্দু, মুছলমান , শিখ , বৌদ্ধ , জৈন আদি বুলি নিজকে পৰিচয় দিওঁ । আচলতে আমি পূৰ্বপুৰুষক সলনি কৰিব নোৱাৰো । আমি কেৱল উপাসনা কৰা নিয়মবোৰ হে সলনি কৰিব পাৰো । উপাসনাৰ পথ ভিন্ন হলেও আমি সকলো একেই পৰম্পৰাৰ মানুহ । 
আমি যদি সঁচাই ধৰ্মত বিশ্বাস কৰো আৰু যদি সচাই ভগৱানক বিশ্বাস কৰো , তেন্তে আমি মানিব লাগিব যে ধৰ্মইহে আমাক ৰক্ষা কৰিব বা ভগৱনেহে আমাক ৰক্ষা কৰিব । আমি ধৰ্মক বা ভগৱানক ৰক্ষা কৰিব পাৰিম বুলি ভবাটো কেৱল মূৰ্খামি ।।
✍️ #সংগ্ৰহ
#শ্বেয়াৰ কৰিব #Post তো....।।

Sunday 22 July 2018

বিষয় গম্ভীৰ--মাৰ্ডাৰ কেছ

দাস দাৰ হোটেলখনত বহি চাহৰ গিলাছটোত চুমুক দিছোঁ | এই সময়খিনিত দাদাৰ হোটেলত বহু মানুহৰ ভিৰ হ্য় | চাহখিনি শেষ হোৱাৰ পিছত টেবুলখনত এনেয়ে তবলা বজালোঁ |ঠিক সেই সময়তে আহি মোৰ সমুখত ওলাল ৰমেন |
– অই চিগাৰেট এটা খুওৱা |
-এটাই আছে মোৰ লগত | লাগিব মোক পিছত | তাতকৈ চাহ খা | এই বুলি পোৱালিক চিঞৰিলো | পোৱালিয়ে আহি চাহৰ গিলাছ এটা ৰমেনৰ সমুখত দি থৈ গ’ল | ৰমেনে পোৱালিলৈ চাই দাস দাক উদ্দ্যেশি ক’লে – দাদা , ইয়াৰ হাফপেন্ট টো সলাই দিব চোন | কি লেতেৰা হৈছে ! দাস দাই মিছিকিয়া হাঁহি এটা মাৰিলে |মই ক’লো – বাজে কথা এৰ | ক’চোন দোকান এৰি থৈ মোৰ কাষলৈ আহিলি যে !
– অ’ তোৰ কাষলৈ অহাৰ কাৰণ আছে | তই তো বেকাৰ বহি আছ | তইয়েই মোক হেল্প কৰিব পাৰিবি |
– গজেন মাষ্টৰৰ বেটা বেকাৰ নহয় বুজিছ ?কামৰ মানুহ | ক’চোন কি হেল্প কৰিব লাগে |
– বুজিছ , বহু ধৈৰ্য ধৰিলোঁ | এইবাৰ মাৰ্ডাৰত নামিম | অ’পেন মাৰ্ডাৰ |নহ’লে নহ’ব আৰু !
– এই চুপ চুপ | ইমান চিঞৰিছ কিয় | মানুহে শুনিলে দুয়ো জেললৈ যাব লাগিব|
চেপা মাতেৰে ৰমেনে মোক ক’লে – তই মোৰ দোকানলৈ ব’ল | সিহঁতকেইটা তাত ৰৈয়েই আছে | অস্ত্ৰপাত মই লৈয়েই আহিছো |
– ৰ’চোন | তোৰ ইটো পদ্ধতি কি হ’ল ?
– নাই নহ’ব | লাভ নাই | ব’ল তই মোৰ লগত | এইবাৰ ডাইৰেক্ট কৰিম|
ৰমেনে মোক প্ৰায় হাতত ধৰিয়েই তাৰ গেলামাল দোকানখনলৈ লৈ গ’ল | লাহেকৈ সি দোকানৰ দুৱাৰখন খুলিলে |হয় , তাত অসংখ্য নিগনিয়ে চাউল-দাইলৰ বস্তাৰ ওপৰত কিলবিলাই আছে |
– দেখিলি ? ঔষধে কামেই নকৰে | ল’ অস্ত্ৰপাত আৰু কামত লাগি যা |এইবুলি ৰমেনে প্লাষ্টিকৰ মোনা এটাৰ পৰা লেডিজ ছাতিৰ নাল এডাল উলিয়াই মোৰ হাতত দিলে | তাৰ হাততো অনুৰূপ লেডিজ ছাতিৰ নাল এডাল |দুয়ো পূৰ্ণোদমে লাগি গ’লো নিগনি নিধন যজ্ঞত | পিছে সাৱধান … মেনকা গান্ধীয়ে গম পালে বিপদ আছে |

মুদ্ৰাদোষ

বৰুৱাৰ আজি ব্যস্ততাৰ সীমা নাই | আজি তেওঁৰ একমাত্ৰ জীয়েক সীমাৰ বিয়া| বৰুৱানী ঢুকুৱা কেইবাবছৰো হ’ল | জীয়েকৰ মৰমতে বৰুৱাই দুনাই বিয়াও নকৰালে| বহুতে উপদেশ দিছিল | আন কিছুমানে ছোৱালীও যাচিছিল | নাই , বৰুৱাৰ এক কথা | “বিয়া নকৰাওঁ “| তাতে কিছুমানৰ ঠাট্টা | “চাওঁচোন , কিমানদিন অকলে থাকে ?” এনেকৈ কোৱাৰ কাৰণ আছে | কলেজীয়া দিনত বৰুৱা আছিল সাংঘাটিক গ্লেমাৰাছ | সোঁৱে- বাঁৱে অসংখ্য ল’ৰা-ছোৱালীয়ে তেওঁক জুমুৰি মাৰি ধৰিছিল | ধনৰ অভাৱ নাছিল তেওঁৰ | যি কি নহওক , কিবা এটা চিন্তা কৰিয়েই বৰুৱাই দুনাই বিয়া নকৰালে |

জীয়েক সীমাই ঘনে ঘনে মাকৰ ফ’টো খনলৈ চাই সেৱা কৰিছে | বৰুৱাৰোঁ দুচকু সেমেকি উঠিছে | এনেতে খোৱাৰ সময় আহিল | আজিকালিৰ বুফে চিষ্টেমৰ দৰে কাৰবাৰ তেওঁ কৰা নাই | বেঞ্চ-ডেস্ক পাৰি অভ্যাগতসকলক খাবলৈ মাতিছে| বিয়ালৈ ময়ো আহিছোঁ | পিঠিয়া-পিঠিকৈ মানুহবোৰ শাৰী পাতি বহিছে | মোৰ পিছফালে বহিছে কেইগৰাকী মান মহিলা | কথা পকাই পকাই খোৱা আৰম্ভ কৰিছে| এনেতে শুনিলো – এগৰাকীয়ে কৈছে –

– চাওঁকচোন ,আজি জীয়েকৰ বিয়াৰ দিনানো বৰুৱাই এনে কৰিব লাগে নে ?

– কিনো কৰিলে ?

– দেখা নাই ? মোলৈ চাই চকু টিপিয়াই আছে |

– অ’তো ,কি হ’ল তেওঁৰ ?

– বুঢ়া বয়সত পৰকিতি লৰিছে নেকি ?

তেওঁলোকৰ কথা শুনি মই পিছলৈ ঘুৰি চালো | দেখিলো বৰুৱাই পাণ-তামোলৰ বঁটা এখন লৈ মহিলা দুগৰাকীৰ ঠিক সমূখত কিছু আঁতৰত থিয় দি আছে | মহিলা দুগৰাকীৰ কথা সঁচা | বৰুৱাই চকু টিপিয়াই আছে | মই লগে লগে বুজি পালোঁ বৰুৱাৰ চকু টিপিওৱাৰ কাৰণ | মই উভটি মহিলা দুগৰাকীক ক’লোঁ –

– বুজিছে বৰুৱাৰ সেয়া মুদ্ৰাদোষ | জানি-বুজি কৰা নাই |

– আপুনিনো কোন?

– মই তেওঁৰ জীয়েকৰ কলেজৰ অধক্ষ্যা |এনে অভিজ্ঞতা মোৰোঁ আগতে হৈছে |

মই ইয়াতে আছোঁ

আবেলিৰ সময় | নৈখনৰ ইটো ঘাটত বহি মই বৰশী বাই আছোঁ | হঠাতে কাষৰ জোপোহাৰ আঁৰৰ পৰা পানীত কিবা এটা পৰা যেন লাগিল | মই বিশেষ মন নিদি পুনৰ বৰশীৰ পুঙাটোলৈ চালোঁ | তাৰে ঠিক পিছতে দূৰৰ পৰা এদল মানুহৰ হৈ-হাল্লা শুনিবলৈ পালোঁ | মানুহখিনি আহি মোৰ কাষ পালেহি |

– অই নয়ন, তই বৰশী বাই আছ ? নদীৰ পানীত কোন পৰিল গম পাইছ ?

– কোন নো ? মইতো দেখা নাপালোঁ |

– এ আমাৰ নন্দ বায়নৰ পুতেক | ঘৰৰ পৰা পলাই আহিছিল অ’ | বাপেকে তালৈ ছোৱালী চাই আছিল | পিছে সি ক’লে যে যদি সি মনে বিচৰাজনীৰ সৈতে সংসাৰ কৰিব নাপায় তেন্তে এই নদীৰ পানীতে জাপ দি মৰিব |বাপেকৰো কিবা ফাই উঠিল | পুতেকক ধৰি উৰাই-ঘূৰাই পিটিব ধৰিলে | এপাকত বাপেকৰ হাতৰ পৰা এৰা দি সি নদীৰ পাৰলৈ দৌৰ দিলে | আমিবোৰে বাপেক-পুতেকৰ কাজিয়া চাই আছিলোঁ |পিছে পিছে আমিও দিলোঁ দৌৰ | পিছে সি যিটোহে বতাহৰ বেগত দৌৰ দিলে আমি তৰ্কিবই নোৱাৰিলোঁ আৰু আহি তাক নাপালোঁ হি |

এনেতে নন্দ বায়ন নদীৰ ঘাটলৈ আহি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে |

– হেৰৌ চন্দ্ৰ , (বায়নৰ পুতেকৰ নাম) আগতে নো নক’লি কিয় ? এনেকৈ আওমৰণে মৰিব লাগেনে ? তই যাকে বিচাৰ তাইকে তোলৈ আনিলোঁ হয় !ঘৈণীয়েকেও আহি বায়নৰ লগত ৰাউচি জুৰিবলৈ ধৰিলে |

কাষৰ জোপোহাখিনি যেন অলপ লৰ-চৰ হ’ল | জোপোহাৰ আঁৰৰ পৰা চন্দ্ৰ ওলাই আহিল |

– হেঃ মই ইয়াতে আছোঁ | পানীখিনি দেখি জাপ মৰাৰ সাহসেই নহ’ল |

– তেন্তে পানীত সেয়া কি পৰিছিল? – মই সুধিলো |

– সেয়া ৰজত ভিনদেউৱে আমাৰ ঘৰলৈ অনা পিঠাগুড়িৰ টোপোলাটোহে আছিল | দৌৰৰ কোবত সেইটো কেনেকৈ মোৰ হাতত আহিল ক’বই নোৱাৰিলোঁ |

Disqus Shortname